মুখ্য পৃষ্ঠা
06/04/2514:37
• কোঙা জীৱনৰ আহত হৃদয় •
যোৱা বাটেৰেই ঘুৰি আহে ফাগুন
ধূলিয়ৰী বাটত হয় শুকান পাতৰ আৰ্তনাদ
মদাৰৰ ৰাঙলী দলিচা
গচকি ফেনেকি পাৰ হয় শৈশৱ |
শৈশৱ ঘুৰি নাহে ফাগুনৰ দৰে
যিদৰে ঘুৰি নাহে বৈ যোৱা নদী
অথবা পাৰ হৈ যোৱা অনেক বৰ্ষ |
পাচফালৰ চোতালৰ কাকিনি তামোল জোপাত
জোনটো ওলমি আছে একেদৰেই ।
বাঁহ জোপালৈ ফাগুন নাহিল ,
তৰা বোৰ ঢ়ুকি নোপোৱা বেজাৰত
আজিও ওলাই দুচকুৰে লোটক |
সম্ভাৱনা ময় বসন্তৰ আবিৰ
দুগালত সানি জেতুকাৰ ৰং
চেপি চেপি কোঙা কৰে বয়সে জীৱন
(সময় বোৰ বিহংগ কাঁহানিও নাছিল)
আহত হয় হৃদয় ।
কবি মই নাছিলো কাঁহানিও
উপলদ্ধি কৰিবলৈ সময়ক কলমেৰে
দুৰ্ভাগ্যই শুকান হাঁড় চোবাই যোৱাৰ পৰত
চেলেকি চাইছিলো শত বাৰ চকুলো |
লাইব্ৰেৰিৰ এজাপ কিতাপৰ দৰে
দুখৰ বুৰঞ্জী নাছিল ফাগুনত |
বসন্তৰ কুঁহিপাত ছিঙি মোহাৰি
দুহাত কৰা নাছিলো কাঁহানিও কলংক |
সুখৰ আখৰা পাতি জীয়াই থাকে সমাজ
বৰ্বৰতাৰ সংলাপ পঢ়ি
জীয়াই থাকে স্বাৰ্থপৰ মানৱ |
প্ৰকৃতি কিম্বা সেউজীয়াৰ স্বাদত
জীয়াই থাকে কবি !
ফাগুন আৰু সময়ৰ গুণানুকীৰ্ত্তন কৰি
দুঃস্বপ্নত দিক হেৰুৱা মই পথভ্ৰষ্ট নাৱীক |
দুৰ্বল দুহাতত লৈ কলমৰ বাৰুদ
ফুটাই যাওঁ পুৰনি শব্দৰ গুলী |
শিলৰ দৰে হৃদয়তো ভাস্কৰ্য্য গঢ়ি
জীয়াই আছো সময়ৰ বাবে
শৈশৱ ,তই আৰু উলটি নাহিবি |
_______ ৰাজু কলিতা
27/01/15